জামুগুৰিহাটঃ যি সময়ত অসমৰ একাংশ নিবনুৱা যুৱক কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলে, তেনে সময়তে তেজপুৰৰ নিজ হলেস্বৰৰ নিবনুৱা যুৱক মানস প্ৰতীম শৰ্মাই বিটেল প্ৰজাতিৰ উন্নতমানৰ ছাগলী পঞ্জাব আৰু উত্তৰ প্ৰদেশ আৰু মথুৰাৰ পৰা ক্ৰয় কৰি আনি নিজ গৃহতে ফাৰ্ম খুলি বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি কৰ্মসংস্থাপনৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ।
৩২ বছৰীয়া মানসে যোৱা ২০১৬ বৰ্ষৰ পৰা প্ৰথমে দুটা ছাগলী ক্ৰয় কৰি আৰম্ভ কৰিছিল এই বিশেষ ফাৰ্মখন । এই বিশেষ ফাৰ্মখনত বৰ্তমান বহি:ৰাজ্যৰ দুবিধ উন্নতমানৰ প্ৰজাতিৰ প্ৰায় ৫০ ৰো অধিক ছাগলী আছে। আনকি ছাগলীবোৰৰ বেমাৰৰ ক্ষেত্ৰত যুৱকজনে নিজেই ভেকচিন প্ৰদান কৰি সুশ্ৰূষা কৰাও পৰিলক্ষিত হয়।
লগতে পঢ়কঃপৰ্য্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
চৰকাৰী চাকৰিলৈ আশা নকৰি নিজৰ কৰ্মসংস্থাপনৰ বাট নিজেই বাছি লোৱাত মানসৰ পিতৃ মাতৃ, শৈক্ষিক মহলৰ লগতে অঞ্চলবাসী ৰাইজে বহু শলাগ লৈছে। মানসৰ এই কৰ্মসংস্থাপনৰ যাত্ৰা অধিক সফল হোৱাৰ আশা পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ। মানস এতিয়া হাজাৰজনৰ বাবে হৈ পৰিছে এক আদৰ্শ ।