YouTube video

তেজপুৰঃ কৰ্মৰ প্ৰতি থকা শ্ৰদ্ধা আৰু একাগ্ৰতা থাকিলে যিকোনো কামৰ দ্বাৰাই যে আৰ্থিক স্বাৱলম্বীতাৰো পথ প্ৰশস্ত কৰি তুলিব পাৰি তাৰেই উদাহৰণ হ’ল তেজপুৰৰ এগৰাকী ব্যক্তি।

তেজপুৰ চহৰৰ পৰোৱা চাৰিআলিৰ পৰা কিছু নিলগৰ গোটলুঙৰ ধৰ্মকান্ত কলিতা নামৰ ব্যক্তিজনে উন্নত প্ৰজাতিৰ ছাগলী পালনেৰে দেখুৱাইছে বিশেষ দৃষ্টান্ত।

ধৰ্মকান্ত কলিতাৰ বিশেষ ছাগলী পামখনৰ আছে এক বিশেষ মহত্ব। মধ্যপ্ৰদেশৰ কাত্তাৰৰ পৰা অনা অতি উন্নত জাতৰ বিট্ৰেল আৰু চিৰহী প্ৰজাতিৰ ছাগলী তিনিমাহতেই এনেদৰে বাঢ়ে যে ইয়াৰ বজাৰ মূল্য হয়গৈ ৫০ হাজাৰ টকা।

মিঠাই দোকানেৰে ব্যৱসায় কৰা ধৰ্মকান্ত কলিতাই কেনেকৈ মধ্যপ্ৰদেশৰ পৰা এই সঁচ আনি ছাগলী পালনেৰে আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে I

আৰু পঢ়কঃজামুগুৰিহাটৰ এটি শিশুৱে পেলনীয়া ডাঠ কাগজেৰে সাজি উলিয়াইছে ট্ৰেক্টৰ, জেচিবি,শৰাই, ধৰি বহুতো বস্তু

ছাগলী কেইটাক তেওঁ কঠাল গছৰ পাত, আহত গছৰ পাত, ডম্বৰু গছৰ পাত আৰু ঘেহুৰ ভূছিৰে খাদ্যৰ যোগান ধৰি নিপোটল কৰি তুলিছে।

আমাৰ অসমৰ নিবনুৱা সকলেও একমাত্ৰ চৰকাৰী চাকৰিৰ আশাত হাত সাৱতি বহি নেথাকি এনেদৰে আৰ্থিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰি তুলিব পাৰে। এই সুন্দৰ নিদৰ্শনৰ বাবে ধৰ্মকান্ত কলিতা সকলোৰে বাবে হৈ ৰওক আদৰ্শ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply