তেজপুৰঃ তেজপুৰ চহৰত থকা অসম চৰকাৰৰ সমবায় বিভাগৰ গুডামৰ জৰাজীৰ্ণ পৰিৱেশ।
তেজপুৰ চহৰৰ হাতিপীলখানাত থকা সমবায় বিভাগৰ অধীনস্থ গুডামৰ কদৰ্মযয় পৰিৱেশ দেখিলে আপুনি আচৰিত হ’ব।
ভাঙি- ছিঙি জৰাজীৰ্ণ হৈ পৰি আছে এই চৰকাৰৰ অধীনৰ এই গুডামটোৰ চকী- মেজকে ধৰি অন্যান্য আচবাব ।
চাৰিওফালে এক উৱলি যোৱা পৰিৱেশ ।বস্তাৰ চাউল মজিয়াত সিচঁৰতি হৈ পৰি ৰৈছে চাউল।
অসম চৰকাৰৰ সমবায় বিভাগৰ সামগ্ৰীৰ ভাণ্ডাৰৰ এই জৰাজীৰ্ণ আৰু কদৰ্য পৰিৱেশ দেখিলে আপুনি আচৰিত হ’ব যে এতিয়াও এনে এটা চৰকাৰী প্ৰতিষ্ঠানৰ দৈনিক কোটি কোটি টকাৰ চাউলকে ধৰি অনান্য সামগ্ৰী সৰবৰাহ হয় বুলি।
লগতে পঢ়কঃচৰহা পোকৰ উপদ্ৰৱত শ শ বিঘা খেতি নষ্ট
এনে পৰিৱেশৰ পৰাই বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই লৈ যায় শিক্ষাৰ্থীৰ বাবে চাউল।
দীৰ্ঘদিন ধৰি এনে জৰাজীৰ্ণ, কদৰ্য পৰিৱেশৰ মাজতে নিজৰ কৰ্তব্য পালন কৰি অহা বিভাগটোৰ এইসকল কৰ্মচাৰীয়ে এতিয়া এনে পৰিৱেশৰ অৱসান বিচাৰিছে। বিভিন্ন সমস্যাৰ মাজত দীৰ্ঘদিন ধৰি ভুগী অহা সমবায় বিভাগৰ এই কৰ্মচাৰী সকলে এতিয়া এটা সুস্থ পৰিৱেশত নিজৰ কৰ্তব্যৰ সময় পাৰ কৰিবলৈ আশা কৰিছে।
একেদৰে অচিৰেই তেওঁলোকে ভুগি অহা সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ অহা মাহৰ পৰা আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।