তেজপুৰঃ তেজপুৰৰ ভোমোৰাগুৰিত চৰকাৰী দখলীকৃত পুখুৰীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

চৰকাৰী পুখুৰীত মাছ মৰাক কেন্দ্ৰ কৰি তীব্ৰ সংঘাত। তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত সংঘটিত হৈছে এনে ঘটনা।

ভোমোৰাগুৰি গাঁৱৰ মন্নাছ আলিৰ পুত্ৰ আব্দুল খলিল,জীয়াবুৰ ৰহমান এই সকলে পুখুৰীটোত মাছ পালন কৰি বছৰ বছৰ ধৰি চলি আছিল।

যোৱা বছৰ এই পুখুৰীটোক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ মাজত সংঘাত সৃষ্টি হোৱাত স্থানীয় ৰাইজে সীমা নিৰ্ধাৰণ কৰি দিছিল আৰু এটা সিদ্ধান্তত মিলিত হৈছিল যে এটা বছৰত যদি জেহেৰুল ইছলামৰ পৰিয়ালে পোনা এৰি দিব আৰু আনটো বছৰত আব্দুল খলিলে।

লগতে পঢ়কঃধন দাবী কৰি সংবাদ মাধ্যমক পুনৰ কালিমা সানিলে সাংবাদিকে

কিন্তু জেহেৰুল ইছলামৰ পৰিয়ালে নিৰ্ধাৰিত নিয়ম ভংগ কৰি আব্দুল খলিলে পুখুৰীটোত এৰি দিয়া মাছ মাৰিবলৈ যোৱা জেহেৰুল ইছলামক বাধা প্ৰদান কৰাত জেহেৰুল ইছলাম ,মজিবুৰ ৰহমান,ছহিদুল ইছলাম ,আব্দুল আজিজ আৰু ইদ্ৰিছ আলিয়ে আব্দুল খলিলৰ পৰিয়ালক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে আব্দুল খলিলে শ্ৰমিকক দিবলৈ নিয়া ৭৫০০০ টকায়ো কাঢ়ি লৈ যায়।

লগতে আব্দুল খলিলক খুকুৰীৰে মূৰত ঘাপ মৰাৰ ফলত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। আব্দুল খলিল বৰ্তমান তেজপুৰৰ EMM HOSPITAL ত চিকিৎসাধীন হৈ আছে।

ইফালে, জেহেৰুল ইছলামৰ পৰিয়ালে ঘটনা সন্দৰ্ভত বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্তৰ অব্যাহত ৰাখিছে।

প্ৰকৃততে কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তৰ পিছতে স্পষ্ট হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply