তেজপুৰঃ তেজপুৰ আদালত চৌহদত উত্তপ্ত পৰিস্থিতি। মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰিম বুলি আশ্বাস প্ৰদান কৰাৰ পিছতো ঋণ পৰিশোধ নকৰিলে আইনী ৱ্যৱস্থা লোৱা হ’ব বুলি জিলাখনৰ বিভিন্ন গোট সমূহক তেজপুৰ আদালতত হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰে৷ আদালত চৌহদত উপস্থিত হৈয়ে ঋণগ্ৰস্থ মহিলা গোট সমূহে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷

লগতে পঢ়কঃদেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা ত্ৰয়োদশ সংস্কৰণ

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে মহিলা গোট সমূহে মাইক্ৰ ফাইনেঞ্চৰ পৰা লোৱা ঋণ সমূহ মাফ কৰি দিয়াৰ আশ্বাস প্ৰদানৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰি শাসনৰ গাদী দখল কৰিলে৷ কোভিড মহামাৰী আৰু নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ আশ্বাসত দুখীয়া দৰিদ্ৰ মহিলা গোটৰ সদস্যা সকল উৎফুল্লিত হৈ পৰিছিল। কিন্তু আজি লোক আদালতৰ জৰিয়তে মহিলা সকলক ঋণ পৰিশোধ নকৰিলে আইনী ব্যৱস্থা লোৱা হ’ব বুলি কোৱাত খৰ্গহস্ত হৈ পৰিল মহিলাসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply