তেজপুৰঃ তেজপুৰৰ পাঁচ মাইল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক, স্বাস্থ্য়কৰ্মী আৰু চিকিৎসালয় পৰিচালনা সমিতিৰ মাজত উত্তপ্ত পৰিস্থিতি।

চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ডিগজাম শৰ্মাই মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ পদত্যাগ কৰা আৰু চিকিৎসক গৰাকীকে ধৰি স্বাস্থ্য কৰ্মী,আশা কৰ্মী আৰু নাৰ্ছ সকলৰ বিৰুদ্ধে পৰিচালনা সমিতিয়ে উঠোৱা দুৰ্নীতিৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আজি চিকিৎসালয়খনিৰ চৌহদত স্বাস্থ্য কৰ্মী সকলে পৰিচালনা সমিতিৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চিকিৎসক ডাঃ ডিগজাম শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰত্যাহাৰৰ দাবী জনায়।

ইফালে চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্য তথা পাঁচ মাইল গাঁও পঞ্চায়তৰ সভাপতি আমিনুল ইছলামে চিকিৎসক ডাঃ ডিগজামে পদত্যাগ কৰাৰ পিছত চৰকাৰে তেখেতৰ পদত্যাগ গ্ৰহন কৰাৰ বাবেই আশা কৰ্মী আৰু নাৰ্ছ সকলকলৈ পুনৰ থাকিবৰ বাবে এনে পৰিস্থিতি কৰা বুলি ব্যক্ত কৰে।

লগতে পঢ়কঃলখিমপুৰত কৰোনা যোদ্ধাৰ প্ৰতিবাদী কাৰ্য্যসূচী

আমিনুল ইছলামে একাংশ আশা কৰ্মীয়ে জন্ম আৰু মৃত্যুৰ প্ৰমান পত্ৰ উলিয়াই দিয়াৰ নামত ধনৰ লেনদেনৰো কৰা বুলিও অভিযোগ উত্থাপন কৰে।

ইফালে চিকিৎসক ডাঃ ডিগজাম শৰ্মাৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰে আশা কৰ্মী আৰু নাৰ্ছসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply