তেজপুৰঃ তেজপুৰ খনামুখত অবৈধ বালিৰ ৰমৰমীয়া বেহা। ডিএফঅ’-ৰেঞ্জাৰৰ নেতৃত্বত একাংশ বালি মাফিয়াই চলাই আছে বালিৰ ৰমৰমীয়া বেহা। বিঘাই বিঘাই চৰকাৰী ভূমিত জে চি বি লগাই বালি মাফিয়াই চলাইছে অবৈধ খনন কাৰ্য।

মকিম আৰু ভাইজান নামৰ দুজন বালি মাফিয়া দীৰ্ঘদিন ধৰি এই কাৰ্য চলাই থকা বুলি জানিব পৰা গৈছে। খনামুখৰ পৰা জাহাজডুবালৈ যোৱা এটাই মূল পথ আছিল সেই পথটো কাটি বালি মাফিয়া চলাই আছে বালিৰ বেহা। এই ক্ষেত্ৰত কোনো লোকে মাত মাতিবলৈও সাহস নকৰে কাৰণ স্থানীয় ৰাইজকো ভয় ভাবুকি দি ৰাখিছে বালি মাফিয়া মকিম আৰু ভাইজান নামৰ মাফিয়া দুজনে।

বনবিভাগৰ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে দুই বালি মাফিয়াই চলাই আহিছে অবৈধ খনন। বালি মাফিয়া মকিম আৰু ভাইজানৰ ওপৰত বনবিভাগে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় বিষয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply