গুৱাহাটীঃ বৃহস্পতিবাৰে দিন জোৰা কাৰ্যসূচীৰে জয়ন্তমল্ল বৰুৱাই তেজপুৰৰ কেইবাখনো পৰ্যটনস্থলী পৰিদৰ্শন কৰে। পুৱাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত পূজা অৰ্চনা কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতেই তেজপুৰৰ আৱৰ্ত ভৱনত উপস্থিত হয় মন্ত্ৰীগৰাকী। সংবাদমাধ্যমৰ লগত হোৱা কথা বতৰাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, ”চৰকাৰে য’তেই তথ্য পাইছে সেই মাদ্ৰাছাই উচ্ছেদ কৰিছে। তথ্যৰ ভিত্তিত চৰকাৰে মাদ্ৰাছা সমূহ নিস্ক্ৰিয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে আৰু কৰিব। য’তেই অবৈধ বেদখল থাকিব আমাৰ চৰকাৰে তাতেই উচ্ছেদ চলাব। প্ৰতিটো অঞ্চলত থকা বেদখলকাৰীসকলক উচ্ছেদ কৰা হ’ব।”

জেহাদীক লৈ মন্তব্য কৰিলে জয়ন্তমল্ল বৰুৱাই, ”জেহাদীৰ কাৰ্যকলাপ যে অসমত হ’ল এইকাৰণে হ’বলৈ পালে সেইসকল মানুহে  কেৱল  নিজৰ ভোটৰ স্বাৰ্থত ৰাষ্ট্ৰকো বিসৰ্জন দিব খোজে। ৰাষ্ট্ৰ ধ্বংস হৈ যাওক তেওঁলোকৰ তাত চকু নাই একমাত্ৰ তেওঁলোকৰ চকু হ’ল কেনেকৈ মানুহক ধৰ্মৰ নামত  অন্ধ কৰি বিভিন্ন এনেকুৱা কথাৰ মাজেৰে প্ৰলোভিত কৰি ভোটটো ল’ব পাৰি।”

”আজিৰ পৰা ২০ বছৰ আগৰ অজিত কুমাৰ ভূঞা এটা প্ৰতিবাদী সত্বা আছিল। আজিৰ অজিত ভূঞা হ’ল বদৰুদ্দিন আজমলৰ ওচৰত সেও মানি তেওঁৰ ভৰিত পৰি ৰাজ্যসভাৰ সাংসদ হোৱা এজন অজিত ভূঞা। ”

আলফাৰ ওপৰত মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। তেওঁ কয় যে অসমীয়া যুৱক বৰ্তমান মুষ্টিমেয় তেওঁলোকৰ যি কাৰণত অস্ত্ৰ লৈছিল সেয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ কৰিছে অসমৰ বাবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply