গুৱাহাটীঃ অসমৰ আগশাৰী তথা জনপ্ৰিয় সাহিত্য-সাংস্কৃতিক-সামাজিক বেচৰকাৰী অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো বিশ্ব বৰেণ্য শিল্পী ড০ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ লগত সঙ্গতি ৰাখি ২২সংখ্যক বাৰ্ষিক বটা প্ৰদান, সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে ভূপেন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী তথা পষেকীয়া বাতৰি কাকত ‘সময়ৰ বাতৰি’ৰ সম্পাদক, দিলীপ নাথৰ দুমহীয়া আলোচনী ‘আৰোহণ জ্যোতি’ উন্মোচন কৰা হয়। উল্লেখ্য যে, এই অনুষ্ঠানতে “আৰোহণ ৰাজ্যিক সাংবাদিক বঁটা ২০২২” তেজপুৰৰ যুৱ সাংবাদিক অপূৰ্ব বৰাক প্ৰদান কৰা হয়। অপূৰ্ব বৰা তেজপুৰ সাংবাদিক সন্থাৰ সভাপতি, শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক।
তেজপুৰ মিলনপুৰ এলেকাৰ বাসিন্দা যুৱ সাংবাদিক অপূৰ্ব বৰাই বহু বছৰ ধৰি সমাজ-সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে। উক্ত বঁটা কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহ (উজানবজাৰ )গুৱাহাটীত প্ৰদান কৰে বিশিষ্ট শিল্পী অঞ্জন জ্যোতি চৌধুৰীয়ে।