তেজপুৰঃ তেজপুৰ দেউৰী গাঁৱত মঙলবাৰে দুজন লোকে চোকা অস্ত্ৰ দেখুৱাই বিদ্যালয়ৰ পৰা ঘৰমুৱা হোৱা ছাত্ৰ-ছাত্ৰীক অপহৰণৰ চেষ্টা চলায়। 

আতংকিত ৰাইজে শিশু অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত অদ্ভূত বেশভুষাত থকা এগৰাকী মহিলাক কৰায়ত্ত কৰি স্থানীয় কছাৰী গাঁও আৰক্ষী চকীত চমজাই দিয়ে। অৱশ্যে, এগৰাকী পুৰুষ পলাই যাবলৈ সক্ষম হয়।

অভিযোগ অনুসৰি, প্ৰথমে কণ কণ এই ছাত্ৰ-ছাত্ৰী সকলক মৰ্টন খাবলৈ দিছিল অচিনাক্ত লোক দুজনে। ছাত্ৰ-ছাত্ৰী সকলে মৰ্টন নাখাও বুলি কোৱাত চোকা অস্ত্ৰ উলিয়াই ভাবুকি দিয়ে। এই ঘটনাত আতংকিত ছাত্ৰ-ছাত্ৰী সকলে হুলস্থুল কৰাত অভিভাৱক আৰু স্থানীয় ৰাইজ ওলাই আহি এজনক কাৰায়ত্ত কৰে যদিও আনজন পলাই যায়।

এই ঘটনাৰ পিছত এতিয়া সোপাধৰাৰ আতংক বিয়পি পৰিছে অঞ্চলটোত। ইফালে আটকাধীন মহিলা গৰাকীক মানসিক ভাৱে অসুস্থ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply