তেজপুৰঃঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা । শোণিতপুৰত বাঁহভৰ্তি ট্ৰাকৰ পৰা জব্দ কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা। বাঁহ ভৰ্তি এখন ১০ চকীয়া ট্ৰাকত অভিনৱ কৌশলৰে অৰুণাচলৰ পৰা কঢ়িয়াই আনিছিল ৪০০কাৰ্টুন অৰুণাচলী সুৰা।


ঠেলামৰা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশাৰ ভাগত সন্দেহবশত: জব্দ কৰিছিল ট্ৰাক খন। ঠেলামৰা আৰক্ষীয়ে ট্ৰাকখনৰ পৰা বাঁহখিনি আঁতৰাব লওঁতেই গাড়ীৰ তলত সাজি লোৱা দোৱাৰেদি প্ৰত্যক্ষ কৰে অৰুণাচলী সুৰা।

লগতে পঢ়কঃঅসমীয়া ভাষাৰ অপমানৰ প্ৰতিবাদত হাইলাকান্দি জিলা জাতীয় পৰিষদৰ ধৰ্ণা

বাঁহেৰে পৰিপূৰ্ণ কন্টেনাৰৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰে কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা ।
কন্টেনাৰৰ ভিতৰত এক বিশেষ কেবিন সাজি অভিনৱ চোৰাং কৌশলেৰে উত্তৰ প্রদেশলৈ লৈ গৈ আছিল বিলাতী সুৰাখিনি ।
ইতিমধ্যে আৰক্ষীয়ে গাড়ী চালক মহম্মদ জাফৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply