তেজপুৰঃ অবৈধ চুলাই মদৰ বিৰুদ্ধে তেজপুৰ আৰু দাঁতি কাষৰীয়া অঞ্চলত আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান অব্যাহত।
আজি পুৱাৰে পৰা বেবেজিয়া আৰক্ষী আৰু আবকাৰী বিষয়া ৰূপক শইকীয়াৰ নেতৃত্বত বেবেজিয়া আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই বান্দৰমাৰি অঞ্চলত বহুকেইটা চুলাই ঘাটি উচ্ছেদ কৰে।
অভিযানকাৰী দলটোৱে চুলাই ঘাটি সমূহৰ পৰা ২৫০০ লিটাৰ চুলাই বনোৱা সামগ্ৰী আৰু ২০০ লিটাৰ চুলাই নষ্ট কৰে । লগতে চুলাই বনোৱা বহু সামগ্ৰী তথা বাচন জব্দ কৰে ।
আৰু পঢ়কঃগভীৰ সংকটত বাছ মালিক সকল : ছেপ্টেম্বৰৰ ভিতৰত কৰ আদায়ৰ নিৰ্দেশ চৰকাৰৰ