তেজপুৰ– আগষ্টত শেষ হ’ব কৰোণা মহামাৰীৰ বিভীষিকা। বদৰুদ্দিন আজমলে ‘কিং মেকাৰ’ হ’ব নোৱাৰে। লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিব। এইবাৰ ৰঞ্জিত দাসৰ কপাল ফুলিব । তেজপুৰত অনুষ্ঠিত হোৱা সদৌ অসম জ্যোতিষ বাস্তু আৰু আধ্যাত্মিক পৰিষদৰ বাৰ্ষিক সভা আৰু আলোচনাচক্ৰত ভাগ লোৱা কেইগৰাকীও বিশিষ্ট জ্যোতিষীয়ে এনে ধৰণৰ বহু ভৱিষ্যৎবাণী কৰিলে । নিৰ্বাচনৰ পিছত অসমৰ ৰাজনীতিত ডঃ হিমন্ত বিশ্ব শৰ্মা নাথাকে।

সদৌ অসম জ্যোতিষ বাস্তু আৰু আধ্যাত্মিক পৰিষদৰ সভাপতি তৰুণ ভট্টাচাৰ্যয়ে কয় ’হৰ্চ ট্ৰেডিঙ’ৰ জৰিয়তে এইবাৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। কিছু সংখ্যক বিধায়ক ‘হৰ্চ ট্ৰেডিঙ’ৰ জালত পৰিব। আনহাতে বিজেপিয়ে ৪০ ৰ পৰা ৪৫ খন আসন লাভ কৰিব।

ইফালে এ.জি.পি.য়ে লাভ কৰিব ৬- ৮ খনৰ ভিতৰত আসন। ইউ. পি. পি.এলে পাব ৫ খন আসন, কংগ্ৰেছ সীমাবদ্ধ হব ২৮-৩৫ৰ ভিতৰত আৰু বি.পি.এফে পাব ৪-৫খন, এ আই ইউ ডিএফৰ আসন বৃদ্ধি হৈ পাব ১৬-১৮ খন। এজেপি, ৰাইজৰ দলৰ হাতত থাকিব ১-১০ খন আসন।

এইবাৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈ জিকিব আনহাতে অখিল গগৈ হাৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰদলৰ ফলাফল ভাল হ’ব আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ ফলাফল ভাল হ’ব বুলিও তেওঁ উল্লেখ কৰে।

আলোচনাচক্ৰত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীয়ে এইবাৰৰ নিৰ্বাচনৰ ভৱিষ্যত বাণী কৰাৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাও কমিব বুলি ভৱিষ্যতবাণী কৰে আৰু ২৮ জুলাইলৈকেহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিন ভাল বুলি জ্যোতিষীগৰাকীয়ে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply