তেজপুৰঃ তেজপুৰৰ শ’লমৰাৰ পৰা দুই কিশোৰ সন্ধানহীন। সন্ধানহীন কিশোৰ দুজন তেজপুৰ বৰঘাট আৰক্ষীচকীৰ অন্তৰ্গত যোৰগড় গাঁৱৰ আলহাজ মুছিদুৰ ৰহমান আৰু মুছাদুৰ ৰহমান বুলি জানিব পৰা গৈছে। কিশোৰ দুজন মাদ্ৰাছাৰ পৰা আহি থকা অৱস্থাত সন্ধানহীন হয়। দুয়োজনেই শ’লমৰা হায়াতুল উলুম ইছলামীয়া মাদ্ৰাছাত অধ্যয়নৰত আছিল।
দুয়োজনৰেই পিন্ধনত পাঞ্জাৱী আছিল।
বৰ্তমানলৈকে দুয়োজন কিশোৰৰ কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই পৰিয়ালে। কিশোৰ দুজনৰ বয়স আনুমানিক ১৪বছৰ হ’ব। কিশোৰ দুজনৰ সন্ধানহীন হোৱাৰ সন্দৰ্ভত বৰঘাট আৰক্ষী চকীত পৰিয়ালৰলোকে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে একো খবৰ পোৱা নাই। দুয়োজন কিশোৰ নিৰুদ্দেশ হোৱাৰ পিছৰ পৰাই পৰিয়ালৰ লগতে মাদ্ৰাছা কৰ্তৃপক্ষই অনুসন্ধান অব্যাহত ৰাখিছে।