তেজপুৰঃ তেজপুৰৰ জীয়া ভৰলী নদীত অঘটন। নাঁৱৰ পৰা পিছলি জীয়া ভৰলীৰ বুকুত পৰিল এজন। যুৱকজন তেজপুৰ ৰাজহ চক্ৰৰ অধীনৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত কুৰুকানি অঞ্চলৰ চৈদুল ইছলাম বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে নৈৰ পাৰত অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়কঃগোৰেশ্বৰত বানৰ সংহাৰী ৰূপ: শুক্লাই নৈৰ মথাউৰি চিঙি জলমগ্ন কুৰিখনৰো অধিক গাঁও
নদীত উটি অহা খৰি আনিবলৈ যাওঁতে নাঁৱৰ পৰা পিচলি যুৱকজন পানীত পৰে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মধুমিতা দাসে জনায়। ইতিমধ্যে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।