তেজপুৰঃ তেজপুৰৰ শিশু আবাসগৃহ “মিছনেৰী অৱ চেৰিটি” আবাসগৃহৰ ১১ টাকৈ বিশেষভাৱে সক্ষম শিশু কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত তেজপুৰত উপস্থিত হয়হি শিশু সুৰক্ষা আয়োগ।

অসম শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা ৰূপা হাজৰিকাই তৎকালিন ভাৱে তেজপুৰলৈ আহি  উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, প্ৰশাসনৰ বিষয়া, শিশু কল্যাণ সমিতিৰ চেয়াৰ পাৰচন দিলীপ কুমাৰ বৰুৱা আৰু সদস্যা,জে জে বিৰ সদস্যাৰ লগতে শিশু সুৰক্ষাৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ সৈতে তেজপুৰৰ মিচনেৰী অৱ চেৰিটিৰ শিশুসকল কৰোনা মহামাৰীত আক্ৰান্ত হোৱাৰ ঘটনা চিকিৎসাৰ সবিশেষ বুজ লোৱাৰ পিছত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ।

উপায়ুক্ত গৰাকীয়ে দিব্যাংগ শিশু সকলৰ চিকিৎসা আৰু আদৰ- শুশ্রুষা ক্ষেত্ৰত সম্ভাব্য সকলো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি অৱগত কৰে এই বৈঠকত।

আৰু পঢ়কঃচৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহনে ধুমুহাত ক্ষতিগ্ৰস্ত হিতাধীকাৰীক বিতৰণ কৰিলে চেক

লগতে দিব্যাংগ শিশু সকলৰ চিকিৎসাৰ অগ্ৰগতি বুজলৈ থকা বুলি প্ৰকাশ কৰে। জিলা শিশু সুৰক্ষা গোট,শিশু কল্যাণ সমিতি আৰু শিশু ন্যায় সেৱা বৰ্ডৰ সদস্যাই বেলেগে বেলেগে আয়োগৰ আগত জিলাখনৰ শিশুৰ কল্যণ মূলক কামকাজৰ খতিয়ান দাঙি ধৰে।

আলোচনাত আয়োগৰ সদস্যা ৰূপা হাজৰিকাই দিব্যাংগ শিশু সকলৰ বাবে অধিক সেৱা কৰ্মী, সা-সুবিধা,উপযুক্ত খাদ্যপ্ৰাণ যুক্ত আহাৰ যোগানৰ ওপৰত গুৰুত্ব দিয়ে।লগতে শিশু সুৰক্ষাৰ লগত জৰিত বিষয়া,কৰ্মচাৰী সকলে অধিক নিষ্ঠা আৰু দায়িত্ব বোধেৰে এই জটিল সময়ত কাম কৰিবলৈ সকলোকে অনুৰোধ কৰে আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আস্বাস দিয়ে।

ইয়াৰ পিছতে শিশু সুৰক্ষা আয়োগৰ সদস্যা গৰাকীয়ে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ আৰু দ্যোতিভা বৰা  আৰু জিলা শিশু সুৰক্ষা বিষয়া প্ৰদ্যুত শৰ্মাক লগতলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈ দিব্যাংগ শিশু সকলৰ বাবে গ্ৰহণ কৰা চিকিৎসা সেৱাৰ বুজ লয়। শিশুসুৰক্ষা আয়োগে তৎকালীন ভাৱে দিব্যাংগ শিশু সকলৰ চিকিৎসাৰ বুজ লোৱাত ৰাইজে প্ৰশংসা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply