তেজপুৰঃ তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ ৷ তেজপুৰ আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ ১৫ লক্ষাধিক টকা ৷ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আব্দুল কৰিমৰ ঘৰত নিশা চলাইছিল অভিযান ৷

আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ চোতালত ঘৰৰ চিৰিৰ তলত গাত খান্দি এটা ট্ৰাংকত লুকুৱাই ৰাখিছিল টকাখিনি ৷ আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি চলা অভিযানৰ অন্তত গাঁতৰ পৰা উদ্ধাৰ কৰে টকা ভৰ্তি ট্ৰাংকটো ৷ আৰক্ষীৰ উপস্থিতি গম পাই পলায়ন কৰে আব্দুল কৰিম নামৰ লোকজন।

উল্লেখ্য যে, শোণিতপুৰৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৰঘাট আৰক্ষীয়ে চলাইছিল অভিযান ৷ পলায়ন কৰা আব্দুল কৰিম এজন তান্ত্ৰিক বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে গাড়ী চুৰিৰ গোচৰ আৰু বেজালি কৰাৰ বাবে জেললৈ গৈছিত আব্দুল কৰিম ৷ ঘটনা সন্দৰ্ভত বৰঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply