তেজপুৰঃ তেজপুৰত চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষী জোৱান আৰু মহিলা আৰক্ষীৰ পাশৱিক অত্যাচৰত মৃত্যু এগৰাকী ১৪ বছৰীয়া বনকৰা কিশোৰীৰ ৷

তেজপুৰ সদৰ থানাত কৰ্মৰত ৰাজীৱ বৰা নামৰ আৰক্ষী কনিষ্টবলজনে ডেৰগাঁৱত আৰক্ষী কনিষ্টবল হিচাপে কৰ্মৰত তেওঁৰ পত্নী অনুৰূপা শইকীয়া ওৰফে জোন শইকীয়াৰ ঘৰত তেজপুৰ নপামৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ ১৪ বছৰীয়া এগৰাকী কিশোৰীক বনকৰা ছোৱালী হিচাপে ৰাখিছিল।

বিগত প্ৰায় দুবছৰে বনকৰা কিশোৰীগৰাকীৰ ওপৰত আৰক্ষী কনিষ্টবল অনুৰূপাই প্ৰতিদিনে চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন৷

তিনিদিনৰ পূৰ্বে কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাত কিশোৰীগৰাকীক পিতৃ -মাতৃৰ সৈতে পঠিয়াই দিয়ে ৷

পিছে দেওবাৰে কিশোৰী গৰাকীৰ তেজপুৰ চিভিল হস্পিতালত মৃত্যু হয়৷

লগতে পঢ়কঃকাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই গৰজি উঠিল বহু কেইটা কাৰ্বি জনগোষ্ঠীয় সংগঠন

কিশোৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীক এক প্ৰকাৰ হত্যা কৰা হৈছিল বুলি দণ্ডাধীশে এই তথ্য সদৰি কৰে৷

কিশোৰ গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ লগতে শাৰীৰিক ভাৱে মাৰপিট কৰিছিল মহিলা আৰক্ষীৰ কনিষ্টবল গৰাকীয়ে৷

ককাল -মূৰত আছিল আঘাতৰ চিন স্পষ্ট৷ তাৰপিছতো কিশোৰীগৰাকীৰ সহজ সৰল দৰিদ্ৰ পিতৃ- মাতৃক ধনৰে মেনেজ কৰাৰ চেষ্টা চলাই আৰক্ষী জোন শইকীয়া আৰু জোৱান স্বামী ৰাজীৱ বৰাই৷ এতিয়া আৰক্ষী পতি -পত্নীৰ বিৰূদ্ধে তেজপুৰ আৰক্ষীয়ে কি ব্যৱস্থা ল’ব সেয়াহে লক্ষনীয় হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply