তেজপুৰঃ কোভিড-১৯ৰ সংক্ৰমণত বয়ােজ্যেষ্ঠ সকলৰ স্বাস্থ্য অৱনতি ঘটিবই বুলি এক জনবিশ্বাস ৰাইজৰ মাজত গঢ় লৈ উঠিছে।
কিন্তু তাৰ মাজতে অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ৮੦-৯੦ উৰ্দ্ধৰ বহু লােক সুস্থ হৈছে কোভিডৰ সংক্ৰমণৰ পৰা।
তেজপুৰ মিলনপুুুৰৰ বিশিষ্ট নাগৰিক ইন্দ্ৰ কটকী আক্ৰান্ত হৈছিল কোভিড১৯ত।
পিছে দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছতো তেওঁ অলপো বিচলিত হোৱা নহ’ল।
আৰু পঢ়কঃবৰপেটা জিলালৈ পিৰামল স্বাস্থ্যই আগবঢ়ালে ৫ টা অ’ক্সিজেন কনচেনট্ৰেটৰ, ৮০টা অ’ক্সিমিটাৰ
সম্পূৰ্ণ ১২ দিন হোম আইচ’লেচনত থাকি পৰিয়ালৰ লোকৰ পৰিচৰ্যাত সুস্থ হৈ উঠিল ইন্দ্ৰ কটকী।
আপোন ঘৰখনত সুস্থ হৈ পৰিয়ালৰ আটাইবোৰ সদস্যক কাষত পাই উৎফুল্লিত হৈ পৰিছে বৃদ্ধজন।
জীৱনৰ ৯৩ টা বসন্ত পাৰ কৰা ইন্দ্ৰ কটকীয়ে কোভিডক জয় কৰিবলৈ সকলোকে কোভিড বিধি অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
লগতে সকলোকে জীৱন দায়িনী মাস্ক পৰিধান কৰাৰ লগতে ঘনাই হাত ধোৱা, সামাজিক ব্যৱধান বজাই ৰখা, বিনাকাৰণত ঘৰৰ বাহিৰলৈ নোলাবৰ বাবেও কাতৰ আহ্বান জনাইছে।