তেজপুৰঃ পাৰ্কিঙৰ নামত যান বাহন আৰোহীয়ে ভুগিবলগীয়া হৈছে যমৰ যাতনা। তেজপুৰ চহৰৰ পৌৰ সভাৰ পাৰ্কিঙৰ এই দুৰৱস্থাই নিতৌ ক্ষোভিত কৰি তুলিছে গাড়ী সমূহৰ গৰাকী সকলক।
তেজপুৰৰ পাৰ্কিংস্থলীত সৰু সৰু পুখুৰী সদৃশ গাত ।

গাড়ীখন পাৰ্কিং কৰি নিজৰ পৰিস্কাৰ কাপোৰ জোৰেৰে মাটিত খোজ দিবলৈকো এতিয়া শংকা কৰিবলগীয়া হয় যান বাহনৰ গৰাকী সকলে ।

সেই কদৰ্যময় পৰিবেশৰ বিষয়ে পাৰ্কিং পৰিচালনাত জড়িত থকা লেছীয়ে পৌৰসভা কৰ্তৃপক্ষক আৰু উপায়ুক্তক সবিশেষ অবগত কৰিছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

লগতে পঢ়কঃবছৰৰ প্ৰথমটো বানত জলমগ্ন মাজুলীৰ ২০ খনৰ অধিক গাওঁ

পাৰ্কিং স্থলীৰ এই দুৰৱস্থাই অতিষ্ঠ কৰিছে বিভিন্ন জনক। সেয়েহে শীঘ্ৰেই পাৰ্কিং স্থলী পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৌৰসভা কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply