তেজপুৰঃ তেজপুৰত নাঙল ধোৱা পিঠা খোৱা পৰ্ব অসমীয়াৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস ৷
খেতিয়েই চহা কৃষকৰ জীৱনৰ মূল কৰ্ম ৷ গাঁৱৰ চহা খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই ৰদে বৰষুণে অশেষ কষ্টৰে নিজৰ লগতে লাখ লাখ জনতাৰ বাবে উৎপাদন কৰে ধান ৷
খেতিয়েই খেতিয়কৰ মান খেতিয়েই খেতিয়কৰ প্ৰাণ ৷ গাঁৱলীয়া চহা কৃষক ৰাইজে কঠিয়া ৰোৱাৰ সময়ত ন-ভূঁই পৰ্বৰে পৰা তিনিটা মাহ অশেষ কষ্টৰ পাছত ভূঁই ৰোৱা সামৰাৰ অন্তত নাঙল যোৱলিকে সকলো ভালদৰে ধুই পখালি ভড়ালৰ এচুকত সন্মানেৰে যতনাই ৰাখে ৷
এই সময়তে পূৰ্বৰে পৰি প্ৰচলিত গাঁৱৰ কৃষক সকলে পালন কৰে নাঙল ধোৱা পিঠা খোৱা পৰম্পৰা ৷
প্ৰবাদ অনুসৰি হালবোৱা, কঠিয়া তোলা আৰু ৰোৱাকে ধৰি তিনিটা মাহ অশেষ কষ্টৰ পাছত এই নাঙল ধোৱা পিঠা খালে শৰীৰৰ সমগ্ৰ দুখ, ভাগৰ, কষ্ট নাশ হয় ৷
লগতে পঢ়কঃসোণাৰিত খেতিয়কক সকাহ দিবলৈ উন্নত প্ৰজাতিৰ ধানৰ বীজ ৰোপন
কিন্তু সময়ৰ সোঁতত আজিৰ প্ৰজন্মই যেন পাহৰি পেলাইছে এই ঐতিহাসিক পৰম্পৰা ৷ এই পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে তেজপুৰৰ কৃষকসকলে ৷
নাঙল ধোৱা, পিঠা খোবা পৰ্ব তেজপুৰত আজিও অব্যাহত আছে । কল , গুৰ আৰু পিঠাগুৰিৰে নাঙল ধোৱা পিঠা বনোৱা হয়।
এই নাঙল ধোৱা পিঠা ৰাজহুৱা ভাৱে খোৱাৰ পৰম্পৰা আছিল যদিও কৰোনা সৃষ্ট পৰিবেশৰ বাবে ঘৰতে ব্যক্তিগত ভাৱে এই পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে তেজপুৰৰ কৃষকসকলে ৷