তেজপুৰঃ ৰাজ্য চৰকাৰৰ উপায়ুক্ত সকলৰ সন্মিলন উপলক্ষেই তেজপুৰত নিৰ্মাণ হ’ব লগা অত্যাধুনিক সন্মিলন কক্ষৰ ভূমি আজি পৰ্যবেক্ষণ কৰিলে শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই ।
অহা ছয় সাত মাহৰ ভিতৰত শোণিতপুৰত ৰাজ্য চৰকাৰৰ উপায়ুক্ত সকলৰ সন্মিলন অনুষ্ঠিত হ’ব।মন্ত্ৰী গৰাকীয়ে তেজপুৰ আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰীৰ এটি অত্যাধুনিক কক্ষও মুকলি কৰাৰ লগতে ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ১৪ গৰাকী জিলাখনৰ লোকৰ বিধবা পত্নীক আঢ়ৈ লাখ টকাকৈ চেক প্ৰদান কৰে।
লগতে পঢ়কঃঅসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়
লগতে দুৰ্যোগপূৰ্ণ পৰিস্থিতিত ৰাইজক সহায় কৰিব পৰা চাৰিগৰাকী এন ডি আৰ এফৰ প্ৰশিক্ষণ প্ৰাপ্ত লোকক বিশেষ সঁজুলিও প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।