তেজপুৰঃ আধা পোৰা কাঠৰ ওপৰত আজিও বহু ইতিহাসৰ সাক্ষী বহন কৰি আছে তেজপুৰৰ নিকটৱৰ্তী এটা উপ ডাকঘৰে।
১৯৮৩ চনৰ ৬ ফেব্ৰুৱাৰীত অসহযোগ আন্দোলনৰ একাংশ আন্দোলনকাৰীয়ে জ্বলাই দিছিল এই ডাক ঘৰটো।
ইয়াৰ পিছতেই স্থানীয় ৰাইজে সেই পোৰা কাঠেৰেই পুনৰ এনেদৰে অতি সৰুকৈ যেনে তেনে নিৰ্মাণ কৰি উলিয়াইছিল এই ডাক ঘৰটো।
তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এই কণমানি উপ ডাকঘৰটো এতিয়া অচলপ্ৰায় অৱস্থা।
আৰু পঢ়কঃকাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাও বানৰ বাবে সাজু
ডিপোটা, মিলনপুৰ, দিহিঙ্গীয়া,খোলাকুটি কছাৰী গাৱঁকে ধৰি ১৪ খন গাঁৱলৈ অহা চিঠি পত্ৰকে ধৰি বিভিন্ন নথিপত্ৰ অহা এই ডাকঘৰটোৰ বাবে এতিয়া সমস্যাত পৰিছে স্থানীয় ৰাইজ।
কাৰণ ডাকঘৰটোত আজিলৈ নিয়োগ কৰা নাই স্থায়ী ডাকোৱাল আৰু পোষ্টমেন।
এজন অস্থায়ী ডাকোৱাল আছে যদিও তেওঁক লৈ সুখী নহয় স্থানীয় ৰাইজ। কিয়নো সেই ডাকোৱাল জনে সময়মতে যোগান নধৰে কোনো চিঠি পত্ৰ বা ডাক বিভাগৰ জৰিয়তে অহা কোনো অতি জৰুৰী নথীপত্ৰ।
সেইবাবে এতিয়া স্থায়ী ডাকোৱাল আৰু পোষ্টমেনৰ অভাৱত অচল হৈ পৰিছে উপ ডাকঘৰটো।
কেইগৰাকীমান সচেতন ব্যক্তিয়ে সেই পোৰা কাঠেৰেই পুনৰ নিৰ্মাণ কৰা ডাক ঘৰটোৰ পোৰা কাঠৰ চিহ্ন আজিও এনেদৰে স্পষ্টকৈ জিলিকি আছে। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় এটাৰ এনে তথৈবচ অৱস্থাৰ বাবেই ১৪ খনকৈ গাঁৱৰ ৰাইজ সমস্য়াত ভুগিব লগীয়া হৈছে ।