তেজপুৰঃ তেজপুৰত পথাৰত নামিল বিধায়ক পৃথ্বীৰাজ ৰাভা।
হাতত কঠীয়া লৈ পথাৰত ভূই ৰোৱাত ব্যস্ত হল বিধায়কগৰাকী।
প্ৰকৃতিৰ তৰুণ বুকুত এতিয়া ব্যস্ত হালোৱাৰ পৰা ৰোৱণীলৈকে সকলো। কাৰণ এতিয়া পথাৰত ভূই ৰোৱাৰ সময়।
চাৰিওফালে মাথো কৰোনাৰ আতংক। ইয়াৰ মাজতে ব্যস্ত হৈ পৰিছে তেজপুৰৰ কৃষক সকল।বাৰিষাৰ বৰষুণত কৃষিভূমিত নামি পৰিছে কৃষকসকল।
আৰু পঢ়কঃ ছিপাঝাৰত গাই গৰুৱে জন্ম দিলে দুই মুখ,চাৰিটা চকুৰ পোৱালি
হালোৱাৰ পৰা ৰোৱণীলৈ সকলো ব্যস্ত প্ৰকৃতিৰ বুকুত ৷ তেজপুৰৰ কৃষক কাবুল শৰ্মাৰ পথাৰত কঠীয়া ৰোৱা পৰ্ব আৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই।
পৰম্পৰা ৰক্ষা কৰি হালেৰে মাটি চহাই কৃষক সকলে আৰম্ভ কৰিছে খেতিৰ ভুই ৰুৱা পৰ্ব। আজিৰে পৰা পৰম্পৰাগত ভাৱে আৰম্ভ হ’ল ভুই ৰুৱা কাৰ্য।
ট্ৰেক্টৰ কিম্বা পাৱাৰ টিলাৰৰ সলনি হালোৱা গৰুৰে হাল বাই কৃষক গৰাকী পথাৰত ৰুলে আশাৰ কঠীয়া।
ইফালে ৰোৱনী সকলৰো নাই ব্যস্ততাৰ অন্ত ৷ কোনোৱে যদি কঠীয়া উঠাইছে আৰু কোনোৱে ৰুইছে ভূই ৷ কৰোনাৰ বিভীষিকাৰ মাজতো তেজপুৰত এইদৰে বিৰাজ কৰিছে এক নান্দনিক পৰিৱেশ।