তেজপুৰঃ তেজপুৰৰ মিলনপুৰৰ এটা কাৰখানা বহিৰাগত লোকক হস্তান্তৰ কৰিবলৈ বিচৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া।
তেজপুৰ ক্লিনিপল নামৰ ৰাসায়নিক সাৰৰ কাৰাখানাটো তদানীন্তন পৰিচালন সঞ্চালক প্ৰকাশ দত্তই তেজপুৰৰ এলাহবাদ বেংকৰ পৰা ৭ কোটি টকা লৈ কাৰখানাটো আৰম্ভ কৰিছিল ।
সেই সুবাদতে দত্তই এলাবাদ বেংকৰ পৰা মেনেজাৰৰ চহী জাল কৰি এক কোটি টকা হৰলুকি কৰে ।
বেংকে এই ঘটনা গম পোৱাৰ পিছত প্ৰকাশ দত্তৰ বিৰুদ্ধে ২৪৭০/১৯ নম্বৰৰ গোচৰ ৰুজু কৰে ।
লগতে পঢ়কঃটীয়কত ক’ভিড সজাগতামূলক গীত উন্মোচন
বেংকৰ মেনেজাৰৰ চহী জাল কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত কাৰখানাটোৰ তদানীন্তন পৰিচালন সঞ্চালক প্ৰকাশ দত্তক আৰক্ষীয়ে আটক কৰে ।
ইফালে কাৰখানাটোৰ নামত লোৱা ৭ কোটি টকাৰ কোনো পৰিশোধ নকৰাত বেংকে আদালতৰ জৰিয়তে কাৰখানাটো বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ দিছিল ।
ইয়াৰ প্ৰতিবাদত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বহিৰাগত ব্যৱসায়ীক সাৰ প্ৰতিষ্ঠানটো হস্তান্তৰ নকৰিবলৈ দাবী জনায় ।