তেজপুৰঃ ৰেচনৰ চাউলৰ নামত একাংশ লোকে বৰ বিহ খাবলৈ বাধ্য হৈছে নেকি? তেনে এক ঘটনা পোহৰলৈ আহিছে তেজপুৰৰ ৰূপকোঁৱৰৰ পৰিয়ালৰ এগৰাকী সদস্যাৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰিয়ালত।

দৰিদ্ৰ পৰিয়ালটিয়ে সুলভ মূল্যৰ দোকানৰ পৰা অনা চাউলৰে ভাত বনোৱাৰ পিছতেই ভাতখিনি বেঙুনীয়া বৰণৰ হৈ পৰাত এতিয়া শংকিত হৈ পৰিছে পৰিয়ালটি।

তেজপুৰৰ পৰোৱা চাৰিআলিৰ সমীপৰ কমলা নগৰৰ ৰূপকোঁৱৰৰ ভতিজী মিনাক্ষী ভূঞা পৰিচালিত কমলা প্ৰসাদ মেমৰিয়েল বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থকা জুনু বড়ো নামৰ মহিলা গৰাকীৰ ঘৰত ৰেচনৰ চাউলক লৈ ঘটিছে এই অথন্তৰ।

ৰঙাপৰাৰ ডুবডুবিৰ ৫ নং কয়লাজুলি গাঁৱৰ নিবাসী এইগৰাকী জুনু বড়ো দীৰ্ঘদিন ধৰি কমলা প্ৰসাদ মেমৰিয়েল বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ বিদ্যালয়খনৰ চৌহদৰ এটি গৃহতেই বসবাস কৰি আহিছে।

লগতে পঢ়কঃবীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা

দৰিদ্ৰ মহিলা গৰাকীৰ পৰিয়ালৰ নামত লাভ ৰঙাপৰাৰ ডুবডুবিৰ ৰেচন দোকানৰ চাউলেৰে তেওঁলোক চলি আহিছে। সেই চাউলেই ৰঙাপৰাৰ ঘৰ আৰু তেজপুৰৰ ঘৰতো ব্যৱহাৰ কৰি আহিছিল যদিও শেহতীয়াকৈ সেই চাউলৰ পৰা ভাত বনোৱাৰ কিছুসময়ৰ পিছত ভাতখিনিয়ে বেঙুনীয়া বৰণ লোৱাত এতিয়া আতংকিত হৈ পৰিছে পৰিয়ালটি।

এনে চাউলৰ ভাত খোৱাৰ পিছত পৰিয়ালটোৰ কণ কণ শিশুৰ লগতে আন সদস্য সকল জ্বৰত আক্ৰান্ত হৈছে।

আনহাতে এই সন্দৰ্ভত ৰূপকোঁৱৰৰ ভতিজী, বিশিষ্ট সমাজকৰ্মী তথা কমলা প্ৰসাদ মেমৰিয়েল বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী ভূঞাই সমগ্ৰ ঘটনাটোত উদ্বেগ প্ৰকাশ কৰি সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্ত বিচাৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply