তেজপুৰঃ কৰোনা সৃষ্ট পৰিবেশৰ মাজতে তেজপুৰৰ বিন্দুকুৰিস্থ এফ চি আই গুডামত সংঘটিত হৈছে চাউল কেলেংকাৰী ।
দৰিদ্ৰ লোকৰ বাবে আবন্টিত চাউল তেজপুৰৰ এফ চি আইৰ গুডামৰ পৰা দৈনিক বিক্ৰী হৈ আহিছে মুকলি বজাৰত ।
বেবেজিয়া আৰক্ষী অভিযানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। তেজপুৰৰ বিন্দুকুৰি এফ চি আইৰ গুডামৰ পৰা মুকলি বজাৰত বিক্ৰী কৰিবলৈ নিয়া ৯ কুইন্টল চাউল বেবেজিয়া আৰক্ষীয়ে জব্দ কৰে।
লগতে পঢ়কঃগোৰেশ্বৰত সঞ্জীৱন,প্ৰকৃতি সুৰক্ষা সংস্থাৰ উদ্যোগত বৃক্ষৰোপন
লগতে আৰক্ষীয়ে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা লোক লোক কেইজন হল চেলিম আনচাৰি , দিনেশ চাহু আৰু ৰফিজুল শ্বেখ ।
তেজপুৰৰ বিন্দুকৰি খাদ্য নিগমৰ গুডামৰ চাউল কেনেকৈ মুকলি বজাৰলৈ আহে এই লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।