তেজপুৰঃ তেজপুৰত মহিন্দ্ৰা গুদামত ডকাইতি কাণ্ড। তেজপুৰ ডেকাৰ গাঁৱত অৱস্থিত মাহিন্দ্ৰ গাড়ী ডিলাৰৰ ষ্ট্ৰক ৰূমৰ পৰা সাতখনকৈ বলেৰ পিকাপ ভান লৈ উধাও হয় ডকাইতৰ দল। দুজনকৈ নিশা থকা নিৰাপত্তাৰক্ষীৰ হাত-মুখ বান্ধি ডকাইতে সংঘটিত কৰে এই কাণ্ড।
লগতে পঢ়কঃছাত্ৰ নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভ
বৰ্তমান এখন গাড়ী চুলুং অঞ্চলত পোৱা গৈছে যদিও বাকী ছয় খন গাড়ী এতিয়াও পোৱা হোৱা নাই।
ডকাইতৰ দলটোত ১৫- ২০জন সদস্য আছিল বুলি অনুমান কৰা হৈছে।