তেজপুৰঃ কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজতেই বিশেষ চৰ্চালৈ আহিছে শোণিতপুৰৰ এজন বিশেষ ব্যক্তি। সম্পূৰ্ণ চৰকাৰী তথ্য পঞ্জীয়নৰ ভিত্তিত ২০২০ বৰ্ষৰ জুলাই মাহৰ ৮ তাৰিখৰ পৰা ২০২১ বৰ্ষৰ জুলাই মাহৰ ৮ তাৰিখলৈ সম্পূৰ্ণ এটা বছৰত কৰোনাৰ বাবে নিজেই সজাগ হৈ চৰকাৰী নীতি- নিয়ম মানি নিজৰ জীৱনৰ কথা নাভাবি সৰ্বমুঠ ২৬০ টা বন্য প্ৰাণীক জনাঞ্চলৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰিবলৈ সক্ষম হ’ল এই বিশেষ ব্যক্তি গৰাকীয়ে ।

বিশেষ ব্যক্তিগৰাকী হ’ল শোণিতপুৰ জিলাৰ তেজপুৰ নিবাসী তথা অসম চৰকাৰৰ বঁটা প্ৰাপক প্ৰকৃতিপ্ৰেমী, সৰ্পবন্ধু খ্যাত সৌৰভ বৰকটকী । সৰ্পবন্ধু সৌৰভে কৰোনা মহামাৰীৰ দৰে এক ভয়াবহতাৰ সময়চোৱাত ২০২০ ৰ পৰা ২০২১ বৰ্ষত সৰ্বমুঠ ২৬০ টা বন্য প্ৰাণী উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি তেওঁ বিশেষ চৰ্চালৈ আহিছে ।

আৰু পঢ়কঃদৰঙত আফ্ৰিকান ছোৱাইন ফ্ল’ ৰোগ প্ৰতিৰোধৰ বাবে পশুচিকিৎসকৰ আপ্ৰাণ চেষ্টা

এই উদ্ধাৰ অভিযান সফল হোৱাত শুকুৰবাৰে তেজপুৰ বনাঞ্চলিক বিষয়া মন্টু বৰাই সৰ্পবন্ধু সৌৰভক এখন প্ৰমান পত্ৰ প্ৰদান কৰে । উক্ত প্ৰমান পত্ৰত লিপিবদ্ধ হিচাপে সাক্ষী হৈ ৰ’ল সৌৰভে উদ্ধাৰ কৰা বন্য প্ৰাণীসমূহৰ সম্পূৰ্ণ তথ্য ।

উদ্ধাৰ কৰা বন্য প্ৰাণীসমূহ হৈছে অজগৰ ৫১ ডাল, চকৰী ফেটি ৪৭ ডাল, গোৱালা ১২ ডাল, মুছোৰাগুম ৩৪ ডাল, পহু ২৯ টা, চৰাই ২০, কাঁছ ২ টা, বান্দৰ ৫ টাৰ লগতে বিভিন্ন বন্য প্ৰাণী । সৌৰভে ট্ৰাকৰ আগত পৰা এক বিৰল প্ৰজাতিৰ কাঁছ মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰে তেজপুৰ ৰেঞ্জ অফিচৰ আগত থকা পথৰ দাঁতিৰ পৰা ।

কাঁছটো উদ্ধাৰ কৰি তেজপুৰ কৰ্ল পাৰ্কৰ পুখুৰীত মুকলি কৰি দিয়ে সৌৰভে। তেওঁৰ এই বৃহৎ অভিলেখৰ বাবে অসম তথা শোণিতপুৰ বাসী ৰাইজে প্ৰশংসা কৰে সৌৰভ বৰকটকীক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply