তেজপুৰঃ দূৰ্গা পূজা সমাগত। এটা সপ্তাহৰ পিছতেই আৰম্ভ হ’ব শাৰদীয় দুৰ্গা পূজা। শৰতৰ বতৰত দুৰ্গা প্ৰতিমা সজাত ব্যস্ত শিল্পীসকল।
তেজপুৰৰ গ্ৰামাঞ্চলৰ পূজাৰ বাবে দুৰ্গা প্ৰতিমা সজাত ব্যস্ত এগৰাকী ভাস্কৰ্য শিল্পী খেমেশ্বৰ বৰা।
তেজপুৰ তেলেৰিয়াৰ খেমেশ্বৰ বৰাই বহু কেইখন পূজাৰ বাবে প্ৰতিমা সজাত ব্যস্ত হৈ পৰিছে। বিগত ৯বছৰ ধৰি ভাস্কৰ্য শিল্পৰ লগত জড়িত হৈ আছে খেমেশ্বৰ বৰা।
লগতে পঢ়কঃটকা নিদিয়াৰ বাবে পিতৃ-মাতৃক চুৰিৰে হানি খুচি গুৰুতৰ ভাৱে আহত কৰিলে নিচাসক্ত পুত্ৰই
ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণেৰে তেওঁ প্ৰথম ভাস্কৰ্য শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। ভাস্কৰ্য শিল্পীৰ লগতে সংগীত চৰ্চাৰ লগতো জড়িত শিল্পীজন।
এইবেলি মিলনপুৰ ,ডেকাৰগাওঁ অঞ্চলৰ পূজাৰ বাবে প্ৰতিমা সজাত ব্যস্ত হৈ আছে শিল্পী গৰাকী । চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত শিল্পীগৰাকী। কংগ্ৰেছ চৰকাৰৰ দিনতেই কল্পতৰু আঁচনিৰ অধীনত ২০হেজাৰ টকা লাভ কৰিছিল। তাৰ পিছত আজিলৈকে শিল্পী পেন্সনটো বাদেই থাকিবলৈ চৰকাৰী বাসগৃহ লাভ কৰিবলৈ সক্ষম নহ’ল খেমেশ্বৰ বৰা । দৰিদ্ৰতাৰ মাজতেই এতিয়া দিন কটাবলীয়া হৈছে শিল্পী খেমেশ্বৰ বৰাই ।