জামুগুৰিহাটঃ তেজপুৰত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। শালনিবাৰী আৰক্ষীৰ অভিযানত জব্দ দুখনকৈ গৰুভৰ্তি বাহন। বাহন দুখনত উদ্ধাৰ পোৱালিসহ ২১ টা গৰু। ইটাখোলা বজাৰৰ পৰা ঠেলামৰা অভিমুখে লৈ আহিছিল গৰুকেইটা। কোনো বৈধ কাগজ নথকাৰ বাবে আৰক্ষীয়ে বাহন দুখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ।জব্দকৃত এখন বাহন নম্বৰপ্লেট বিহীন আৰু আনখনৰ নম্বৰ হৈছে AS 12E 8508।
ঘটনা সংক্ৰান্তত দুই চালকসহ চাৰিজনক আটক কৰিছে আৰক্ষীয়ে। ধৃত গৰু সৰবৰাহকাৰী কেইটা হৈছে – তেজপুৰ বৰঘাটৰ ইৰাজুল ইছলাম আৰু নুৰ ইছলাম, মিছামাৰী কলাকুিৰ মজিৰুল ইছলাম মজুমদাৰ আৰু ঠেলামৰা গৰুডুবাৰ আব্দুল মনিন ।
লগতে পঢ়কঃধনৰ লোভত নিজ মাতৃয়ে কন্যাক বিক্ৰী কৰিলে নাৰী দেহ চক্ৰৰ হাতত