জামুগুৰিহাটঃ তেজপুৰত পুনৰ বিষাক্ত ফেটি সাপ উদ্ধাৰ ।
তেজপুৰৰ দ’ পৰ্বতীয়াৰ নিবাসী হিৰক জ্যোতি বৰাৰ ঘৰত উদ্ধাৰ সাপদাল।
ফেটি সাপডালে হিৰক জ্যোতি বৰাৰ হাঁহৰ গড়ালত সোমাই দুটা হাঁহক দংশন কৰে।
আৰু পঢ়কঃসোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অব্যাহত আছে আৰক্ষীৰ অভিযান
হাঁহ দুটাৰ মৃত্যুৰ পাছত ফেটি সাপটো গড়ালৰ এটা চুকত আশ্ৰয় লৈ থকা দেখি ঘৰৰ গৃহস্থই প্ৰকৃতিপ্ৰেমী তথা সর্পবান্ধৱ সৌৰভ বৰকটকীক ফোন কৰি খবৰ দিয়ে ।
সৌৰভ বৰকটকীয়ে বনকৰ্মী আৰু সর্পবান্ধৱ টিমৰ সদস্য ৰাজবল্লভ শৰ্মাক লগত লৈ সাপডাল উদ্ধাৰ কৰি আনি ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়ে ।