জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ তেজপুৰ নিজ হলেশ্বৰত এডাল বিষাক্ত ফেটি সাপ উদ্ধাৰ কৰে তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু হিচাপে খ্যাত সৌৰভ বৰকটকীয়ে ।

নিজ হলেশ্বৰ নিবাসী চবিনন্দন বৰাৰ বাসগৃহত থকা মাটি কলহ এটাৰ ভিতৰত এডাল বিষাক্ত চকৰী ফেটী সাপ সোমাই থকাত গৃহস্থই ফোনযোগে যোগাযোগ কৰি সৰ্পবন্ধু সৌৰভক খবৰ দিয়াত ততাতৈয়াকৈ সৌৰভ আৰু বনকৰ্মীৰ দল আহি বিষাক্ত ফেটি সাপডাল নিখুটভাবে উদ্ধাৰ কৰে।

আৰু পঢ়কঃগছৰ পাতত চিত্ৰ অংকন কৰি সমাদৃত তামুলপুৰৰ মেধাবী ছাত্ৰী ডিম্পী বৰ্মন

উদ্ধাৰ কৰা সাপটো ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়ে বনকৰ্মীয়ে।

সাপ, পহুৰ লগতে বিভিন্ন বন্যপ্ৰাণীসমূহ মাৰি পেলোৱাতকৈ সকলোৱে মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰি সুৰক্ষা কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাই প্ৰকৃতিপ্ৰেমী সৌৰভে। এই উদ্ধাৰ অভিযানত সৌৰভৰ লগত ৰাজবল্লভ শৰ্মাই বিশেষভাৱে সহায় সহযোগ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply