তেজপুৰঃ গুণোৎসৱ চলি থকাৰ মাজতে তেজপুৰত শিক্ষকৰ বৰ্বৰোচিত কাণ্ড। তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্হিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ মুনলিট হাইস্কুলত এজন ছাত্ৰক বিদ্যালয়খনৰ এজন শিক্ষকে প্ৰহাৰ কৰি আহত কৰা ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া। ৬ষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ গালত সব্যসাচী দে নামৰ শিক্ষকজনে উপৰ্যুপৰি চৰ মাৰাৰ ফলত দুগাল ফুলি যোৱাৰ লগতে ছাত্ৰজনৰ দাঁত, কাণ আৰু চকুত আঘাতপ্ৰাপ্ত হৈছে৷


শুকুৰবাৰে বিদ্যালয়খনত চলি থকা পৰীক্ষাৰ মাজতে আন ছাত্ৰই পৰীক্ষাৰ বহী পেলাই দিয়াত ক্ষোভিত হৈ শিক্ষক গৰাকীয়ে অনাহকত আক্ৰমণৰ লক্ষ্য কৰি লয় ছাত্ৰজনক৷ বিয়লিলৈকে বিষ অনুভৱ কৰা নাছিল যদিও নিশালৈ বিষ অনুভৱ কৰাত পিতৃ-মাতৃয়ে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসকক দেখুৱাই কছাৰীগাঁও আৰক্ষী চকীত নিশা অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷

ইফালে, ছাত্ৰজনে কিবা ভুল কৰিলে অভিভাৱকক মাতি অভিযোগ দিয়াৰ পৰিৱৰ্তে অতি কঠোৰ ভাৱে প্ৰহাৰ কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন উত্থাপন কৰে ছাত্ৰজনৰ পিতৃয়ে আৰু মাতৃয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply