তেজপুৰঃ তেজপুৰত সংঘটিত এক ৰহস্যজনক আত্মহত্যাৰ ঘটনাই মাটিৰ দালালি, ঠগ-প্ৰৱঞ্চনাৰ ভয়াবহ ছবিখন যেন পুনৰ উদঙাই দিছে।
শোণিতপুৰ জিলাৰ উপায়ুক্তলৈ পত্ৰ লিখি তেজপুৰ মুঢ়াতেতেলিৰ ভৱেন তামুলী নামৰ এগৰাকী লোকৰ আত্মহত্যা।
উপায়ুক্তলৈ লিখা পত্ৰত তেজপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাগ বৰা নামৰ এগৰাকী মণ্ডল সহ তদানীন্তন চক্ৰ বিষয়াৰ নাম উল্লেখ কৰে।
লগতে পঢ়কঃপদ্মশ্ৰী লখিমী বৰুৱাৰ জীৱনৰ আধাৰত লিখিত গ্ৰন্থ ”অঘৰী জীৱনৰ সোণালী সপোন” উম্মোচন

তেজপুৰ আৰক্ষীয়ে মণ্ডল পৰাগ বৰাক কছাৰী গাঁও আৰক্ষী চকীত সোধপোছ অব্যাহত ৰাখিছে আৰু এক সংবাদ মেল যোগে সমস্ত ঘটনা অৱগত কৰি মাটি-বাৰী সম্পৰ্কত ঠগ প্ৰৱঞ্চনাৰ সন্মুখীন হৈ হতাশাগ্ৰস্তত ভৱেন তামুলীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে।

ইফালে ঘটনাত জৰিত থকাৰ অভিযোগত মণ্ডল পৰাগ বৰাক কছাৰীগাও আৰক্ষীয়ে আটক কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply