তেজপুৰঃ তেজপুৰত ৰাজপথতে দাউ দাউকৈ জ্বলি উঠিল মালবাহী ট্ৰাক।
বঙাইগাঁৱৰ পৰা ডিব্ৰুগড় অভিমুখে ৰেলৰ সামগ্ৰী কঢ়িয়াই অনা পিবি ০৫এবি ২১৩৩ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা ইলেকট্ৰিক খুটা আৰু তাৰ পিছত এডাল গছত খুন্দা মাৰি বাগৰি পৰে ৷ লগে লগে দাউ দাউ কৈ জ্বলি উঠিল ট্ৰাকখন ৷
তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিহগুৰী আই টি বি পি কেম্পৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাতো ৷দুৰ্ঘটনাটোত ট্ৰাক খনৰ চালকজন কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এখন ভৰিত আঘাতপ্ৰাপ্ত হয় ৷