নিউজ ডেস্কঃ অসমত এতিয়া কৰোণাৰ দ্বিতীয়টো ঢৌ । দ্ৰুতগতিত অসমত বাঢ়িছে কৰোণাৰ সংক্ৰমণ।
ৰাজ্যত আকৌ ৯২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
শেহতীয়াকৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰয়ো কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।
অসমৰ নগাওঁ জিলাত বৃদ্ধি পাইছে সৰ্বাধিক আক্ৰান্ত। ১২জনৰ দেহত পুনৰ ধৰা পৰিছে কৰোনা ভাইৰাছ।
জিলাখনত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পাইছে।
কলিয়াবৰতো ক্ৰমাত্ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ।
ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৮৩২জনলৈ বৃদ্ধি পাইছে।
মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৪জন লোক।
এতিয়ালৈকে আৰোগ্য লোকৰ সংখ্যা ২১৫৬৯১ জনলৈ বৃদ্ধি পাইছে। অসমত মঙলবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।
এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৰাজ্যত ১১১১জনলৈ বৃদ্ধি। ইফালে, চিকিৎসাধীন হৈ আছে ৬৮৩জন ৰোগী
মঙলবাৰে লামডিঙতো পুনৰ কৰোনাত আক্ৰান্ত হৈছে দুজন।
একেটা সপ্তাহতে লামডিঙত ৬জনৰ শৰীৰত কৰোনাৰ সংক্ৰমণ।