তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত সংঘটিত হৈছে এক অঘটন। তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰিছে কেমিকেল বিজ্ঞানৰ এগৰাকী ছাত্ৰীয়ে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত এগৰাকী ছাত্রীৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম অদিতি শ্ব’। ছত্ৰী গৰাকীৰ ঘৰ ডিব্ৰুগড়ত।
লগতে পঢ়ক : আৰক্ষীৰ গুলীত নিহত উগ্ৰপন্থী সংগঠনৰ নেতা
ছত্ৰী গৰাকী তেজপুৰ বিশ্বদ্যালয়ত কেমিকেল বিজ্ঞান বিভাগৰ সপ্তম ষান্মাষিকত অধ্যয়ন কৰি আছিল। ছাত্রী গৰাকী পুৱা হোষ্টেলৰ কোঠাৰ পৰা বহু দেৰিলৈকে ওলাই নহাত কৰ্তৃপক্ষৰ অনুসন্ধানত ছত্ৰী গৰাকী আত্মহত্যাৰ কৰা বুলি পোহৰলৈ আহে।