নিউজ ডেস্কঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰম যেনে পি.এইচ.ডি.(Ph.D.), স্নাতকোত্তৰ (PG) আৰু বি.টেক.(Lateral Entry) আদিত নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়ৰ নিজা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে ৷ এই পাঠ্যক্ৰম সমূহত নামভৰ্তিৰ বাবে এক বিশেষ নামভৰ্তি পৰ্টেল ২৪ মাৰ্চৰ পৰা মুকলি কৰি দিয়া হৈছে।

ইফালে,  বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে Central University Entrance Test (UG) 2023 ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাছনি কৰা হ’ব আৰু বৰ্তমান CUET পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। CUET পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলেহে স্নাতক(UG) পাঠ্যক্ৰমসমূহৰ বাবে নামভৰ্ত্তি কৰিব পাৰিব বিশ্ববিদ্যালয়ৰ কতৃপক্ষই জানিবলৈ দিয়ে। 

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (টি.ইউ.ই.ই) সুকলমে সম্পন্ন কৰাৰ বাবে উত্তৰ-পূব ভাৰতৰ প্ৰতিখন ৰাজ্যকে ধৰি ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ চহৰত ২৩ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব। য’ত আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অ’.এম.আৰ. (OMR) ভিত্তিক লিখিত পৰীক্ষা বা বৰ্ণনাত্মক ভিত্তিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

আনহাতে, B.­­Tech. পাঠ্যক্ৰমৰ প্ৰাৰ্থীসকলক JEE (Mains) – ২০২৩ চনৰ Common Rank List (CRL)ৰ ভিত্তিত বাছনি কৰা হ’ব । উল্লেখ্য যে, B.Tech. পাঠ্যক্ৰমসমূহৰ মুঠ আসনৰ ৬০% উত্তৰ-পূব ভাৰতীয় ৰাজ্যসমূহৰ স্থায়ী বাসিন্দাসকলৰ বাবে সংৰক্ষিত কৰা হৈছে ।

উল্লেখযোগ্য যে, উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালৰ অভিযান্ত্ৰিক, বিজ্ঞান, ব্যৱস্থাপনা আৰু মানৱবিজ্ঞান ও সমাজ বিজ্ঞান শাখা (School)ৰ অধীনত বিভিন্ন পি.এইচ.ডি., স্নাতকোত্তৰ (পি.জি.), পি.জি. ডিপ্লমা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় । ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ (NAAC) পৰা A+ গ্ৰেড লাভ কৰা উত্তৰ-পূব ভাৰতৰ ভিতৰতে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন একমাত্ৰ বিশ্ববিদ্যালয় ৷

লগতে পঢ়ক – ISRO ৰ ৱানৱেব ইণ্ডিয়া-২ মিছন সফলতাৰে উৎক্ষেপণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply