তেজপুৰঃ প্ৰায় কেইবাদিনো ধৰি তেজপুৰৰ এখন গাঁও অন্ধকাৰত।
তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তেজপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ কাছকণী গাঁৱবাসীয়ে কেইবাদিনো ধৰি অন্ধকাৰ দিন কটাবলগীয়া হৈছে।
গাঁৱবাসীয়ে নিৰ্ধাৰিত সময়ত বিদ্যুৎ মাচুল পৰিশোধ কৰা স্বত্ত্বেও কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ সমগ্ৰ গাঁওখনৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে বিদ্যুৎ বিভাগে।
লগতে পঢ়কঃসোণাৰিত বুজন পৰিমাণৰ গাঞ্জাসহ নগা যুৱক আটক
গাঁৱবাসীয়ে বিদ্যুৎ সংমণ্ডলত খবৰ কৰাত বিভাগীয় কৰ্তৃপক্ষই ৰাইজক মাচুল সংগ্ৰহৰ ধমকি দিয়ে।
বিগত সময়চোৱাত কেইবাবাৰো এনেদৰে সমগ্র গাঁৱৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছিল বিদ্যুৎ বিভাগে।
ৰাইজৰ সুবিধাৰ কোনো ধৰণৰ কাণসাৰ প্ৰদান নকৰি ৮০% লোকৰ বিদ্যুৎ মাচুল পৰিশোধ হোৱা স্বত্ত্বেও কেনেদৰে গাঁও এখনৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব পাৰে সেইয়াই চিন্তনীয় বিষয়।