তেজপুৰঃ কৰোনা অতিমাৰীৰ আতংকৰ মাজতে তেজপুৰ চহৰৰ নিচেই কাষৰে ১৩০ টা পৰিয়ালৰ পঞ্চাশ বছৰতকৈও পুৰণি গাওঁ এখনৰ বাসিন্দালৈ হঠাৎ ঘোৰ অমানিশা নামি আহিছে। এই গাওঁখনৰ প্ৰায় ৬৫০ গৰাকী লোক অতি নাভূত নাশ্ৰুত ভাবে আৰু অতি আশ্বৰ্য্যজনক ভাবে গাওঁখনৰ পথৰ অভাবত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

কোনো লোকৰ বেমাৰ আজাৰ হ’লেও এতিয়া এইখন গাঁৱৰ লোকে ৰোগী গৰাকীক চিকিৎসাৰ কাৰণে ক’লৈকো নিব নোৱাৰা অৱস্থা হৈছে। কোনে বন্ধ কৰি ৰাখিলে ৫০ বছৰ পুৰণা এই গাওঁখনৰ যাতায়তৰ পথ?
তেজপুৰ চহৰৰ কাষতে লাগি থকা প্ৰায় ৫০ বছৰতকৈও পুৰণি ভিতৰ পৰোৱা নেপালী গাওঁখনৰ ১৩০ টা পৰিয়ালৰ প্ৰায় ৬৫০ গৰাকী লোক এতিয়া ঘৰতেই বা গাওঁখনতেই আৱদ্ধ হৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

মানৱতা আৰু মানৱীয় মূল্যবোধক ভৰিৰে মোহাৰি গাওঁখনৰ বাসিন্দা সকলক একপ্ৰকাৰ গৃহ বন্দী কৰি ৰখাৰ ফলত ৰোগীয়া লোকৰ চিকিৎসাৰ বাবেও এতিয়া বাহিৰলৈ ওলাই আহিব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

আৰু পঢ়কঃবিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক’ভিড আক্ৰান্ত দুই প্ৰসূতিয়ে জন্ম দিয়ে সন্তান

দোকান – বজাৰ, ব্যৱসায় – বাণিজ্য, স্কুল – কলেজ, চাকৰি – বাকৰি ক’লৈকো যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে গাওঁবাসীৰ।


আচলতে দীৰ্ঘদিন ধৰি গাওঁ বাসীয়ে ব্যৱহাৰ কৰি অহা দুয়োটা পথেই এতিয়া কোভিড অতিমাৰীৰ অচিলাত বন্ধ কৰি দিয়াৰ বাবেই গাওঁবাসীৰ সন্মুখলৈ নামি আহিছে ঘোৰ অমানিশা। এই গাঁওবাসীয়ে তাহানিৰে পৰা ব্যৱহাৰ কৰি আহিছিল সেনাবাহিনীৰ চেক গেটৰ এটা পথৰ লগতে কাষতে থকা এখন ব্যক্তিগত মালিকানাধীন চাহ বাগিছাৰ পথ।
বৰ্তমানে ক’ভিড অতিমাৰীৰ বাবে সেনা বাহিনীয়ে এই পথটো বাঁহ বান্ধি বন্ধ কৰি দিয়াৰ লগতে বিক্ৰমজিৎ বৰুৱা নামৰ চাহ বাগিচাখনৰ মালিকেও পথত নলা খান্দি আনটো পথ বন্ধ কৰি দিয়ে। ইয়াৰ পিছতেই এতিয়া গাঁওবাসীয়ে ওলাব সোমাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

নিৰুপায় ৰাইজে উপায়ুক্তলৈ এখন পত্ৰ লিখি এই সমস্যা শীঘ্ৰেই সমাধান কৰিবলৈ কাতৰ প্ৰাৰ্থনা জনাইছে ।
গাওঁবাসীৰ এই হৃদয় বিদাৰক ঘটনাৰ উপসম এতিয়া কেনেকৈ কেতিয়া হয়, সেইটোহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply