YouTube video

জামুগুৰিহাটঃ সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰী কৰোনাৰ ফলত স্তব্ধ হৈ পৰিছে মানুহৰ জীৱনৰ গতিপথ।

কৰোনাৰ ফলতে লাখ লাখ লোকে হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থান। কৰোনাই সলাই পেলালে বহুতৰে জীয়াই থকাৰ জীৱিকাৰ পথ।

সুদীৰ্ঘ ২২ বছৰ ধৰি বিউটি পাৰ্লাৰৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া জামুগুৰিহাটৰ ববী হাজৰিকা নামৰ মহিলা গৰাকীৰ জীৱিকালৈও কৰোনাই আনিছে পৰিৱৰ্তন।

আৰু পঢ়কঃএইবাৰ বাক্সাত ব্ৰজেন কলিতাৰ কামনাৰ বলি হ’ল এটি ৯ বছৰীয়া শিশু কন্যা

জামুগুৰিহাটৰ মাজমজিয়াত বিউটি পাৰ্লাৰ খুলি সুদীৰ্ঘ সময় ধৰি পৰিয়ালৰ ভৰণ পোষণ দিয়া এই মহিলাগৰাকী এতিয়া হ’লগৈ খৰাহী, পাঁচি বিক্ৰী কৰা ব্যৱসায়ী।

কৰোনাৰ বাবেই বিউটি পাৰ্লাৰলৈ গ্ৰাহক নহাৰ বাবেই এতিয়া বিউটি পাৰ্লাৰৰ সন্মুখত চালনি, পাঁচি, খৰাহি বিক্ৰী কৰি পৰিয়াল পোহপাল দিব লগা হোৱা বুলি মত ব্যক্ত কৰে মহিলা গৰাকীয়ে।

মহামাৰী কৰোনাই তেওঁলোকৰ জীৱনলৈ লৈ অহা এই দুৰ্যোগপূৰ্ণ সময়ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অসম চৰকাৰৰ পৰাও কিছু আৰ্থিক সাহাৰ্য্য লাভ কৰাৰ আশা ব্যক্ত কৰিছে মহিলাগৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply