তেজপুৰঃ তেজপুৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। কাগজ কলক লৈ মন্তব্য জুবিন গাৰ্গৰ। নগাওঁ কাগজ কল পুনৰ্জীৱিত হোৱাতো বিচাৰে জুবিনে।

কাগজ কলটোক লৈ গৌৰৱ অনুভৱ কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে শিল্পীগৰাকীয়ে। ৰাস্তাৰে অহা-যোৱা কৰোতে কাগজ কলটো চাই যায় জুবিনে। কাগজ কলটো পুনৰ কাৰ্যক্ষম হোৱাতো বিচাৰে কন্ঠশিল্পী জুবিন গাৰ্গে।

লগতে পঢ়কঃজাতীয় কর্মীসভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ প্রদ্যুৎ মাণিক্য দেৱবৰ্মাৰ


ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি প্ৰশংসা কৰে জুবিনে। নিশা তিনি বজালৈ কাম কৰে বুলিও উল্লেখ্য কৰি চৰকাৰে খনৰ সন্তোষ্ট -অসন্তোষ্টক ১০০ দিনত প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰি আৰু দুবছৰ লাগিব বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ।

আনহাতে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে তেজপুৰতো বৃন্দাবন মাৰ্ট খুলিবলৈ আগ্ৰহী জুবিন গাৰ্গ ।ইয়াৰ দ্বাৰা থলুৱা লোকৰ দ্বাৰা উপাদিৎ সামগ্ৰী আৰু বজাৰ সৃষ্টি গুৰুত্বপূৰ্ণ ভুমিকা বুলি ল’ব বুলি জুবিন গাৰ্গে মন্তব্য কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply