তেজপুৰঃ তেজপুৰত কলেজ খোলাৰ নামত চলিছে ব্যৱসায়। একাংশ লোকে কলেজ খোলাৰ নামত চৰকাৰৰ কোনো নীতি -নিয়ম নামানি ভাৰা ৰুম লৈ খুলিছে কলেজ ।

নামভৰ্তিৰ নামত ছাত্ৰ -ছাত্ৰীৰ পৰা লৈছে হাজাৰ হাজাৰ টকা ।

অসম চৰকাৰৰ শিক্ষা বিভাগে ফলাফল ঘোষণাৰ পূৰ্বে নামভৰ্তি নকৰিবলৈ কঠোৰ নিৰ্দেশনা দিছিল যদিও এই নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্রদর্শন কৰি যোৱা জুন মাহতে ছাত্ৰ -ছাত্ৰী নামভৰ্তি কৰা দেখা গ’ল।

লগতে পঢ়কঃচতিয়াৰ ইটাখোলাত বৃহৎ পৰিমাণৰ ডিজেল জব্দ

এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে বেপাৰ বন্ধ হয় তাৰ দাবী জনাই তেজপুৰৰ একাংশ সচেতন যুৱকে শোণিতপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে।

অৱশ্যে এই ক্ষেত্ৰত বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে এইক্ষেত্ৰত তদন্ত কৰাৰ আশ্বাস দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply