পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী লালপানীত বগীনৈৰ ব্যাপক খহনীয়া। খহনীয়াৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি নদীৰ বুকুত জাহ যোৱাৰ আশংকা। কিন্তু তাৰপাছতো খবৰ নাই জলসম্পদ বিভাগৰ।

লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত লালপানীত বগীনৈয়ে ব্যাপক খহনীয়া অব্যাহত। বগীনৈৰ খহনীয়াত বিপৰ্যস্ত হৈছে ১৫ টাকৈ পৰিয়াল। দুলুং বনাঞ্চলত একেৰাহে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দীৰ্ঘা আৰু বগী নৈ লগ হৈ ব্যাপক হাৰত খহনীয়া সৃষ্টি কৰাত গঞা ৰাইজৰ নিদ্ৰা হৰিছে।

প্ৰতিৰোধৰ বাবে পৰিয়াল কেইটাই গছৰ ডাল-পাত দি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও খহনীয়াৰ প্ৰতিৰোধ কৰিব পৰা নাই। উল্লেখ্য যে, প্ৰতি বছৰে সেউজ ক্ষেত্ৰৰ নামনি অংশত খহনীয়া অব্যাহত আছে যদিও এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

আনহাতে, প্ৰতি বছৰে খহনীয়াৰ কৱলত পৰি সেউজ ক্ষেত্ৰৰ মাটি-কালি সংকোচিত হৈ আহিছে। স্থানীয় উন্নয়ণ কৰ্তৃপক্ষই লালপানী সেউজ ক্ষেত্ৰক খহনীয়া কৱলৰ পৰা মুক্ত কৰিবলৈ লক্ষ লক্ষ টকা ব্যয় কৰিছে যদিও উপযুক্ত পৰিকল্পনাৰ অভাৱৰ বাবেই নৈখশৰ খহনীয়া ৰোধ কৰিব পৰা নাই। নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা কৰি সেউজ ক্ষেত্ৰক সুৰক্ষা দিবলৈ এতিয়া বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply