বৰ্তমানেও অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা।
যোৱা ২৭ ফেব্ৰুৱাৰী সোমবাৰে বিয়লি ৫ মান বজাত লখিমপুৰৰ পৰা ওদালগুৰিলৈ চোৰাং ভাবে গৰু ভৰ্তি ব’লেৰো বাহন এখন আহি থকাৰ তথ্য লাভ কৰিছিল ওৰাং আৰক্ষীয়ে। এই তথ্য লাভ কৰাৰ পাছতেই ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ধনশ্ৰী ঘাটৰ পৰা ওৰাং আৰক্ষীয়ে বাহনখনৰ সৈতে ১৬ টা বলধ গৰুসহ দুজন লোকক আটক কৰিছে।
জানিব পৰা মতে, AS-07-BC -3500 নম্বৰৰ ব’লেৰো বাহন খনেৰে অবৈধভাৱে লখিমপুৰৰ পৰা ওদালগুৰিলৈ কঢ়িয়াই আনিছিল ১৬ টাকৈ চোৰাং গৰু।
আনহাতে, বাহন খনৰ সৈতে চোৰাং গৰু ব্যৱসায়ীৰ সৈতে জড়িত থকা দুজন লোকক ওৰাং আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোক দুজন ওদালগুৰি জিলাৰ লাওঁডুমৰ ফৰিজুল হক আৰু আনজন লখিমপুৰ জিলাৰ চুমিৰুদ্দিন বুলি জানিব পৰা গৈছে।
ইতিমধ্যে লোক দুজনৰ বিৰুদ্ধে চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত ওৰাং আৰক্ষীয়ে গোচৰ ৰুজু কৰি ওদালগুৰি ন্যায়িক আদালতলৈ প্রেৰন কৰিছে।
ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাই পশু চিকিৎসকৰ জৰিয়তে গৰু কেইটা চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ইতিমধ্যে এটা বলধ গৰু মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।