অসম চৰকাৰে প্ৰতি বছৰে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ শ্ৰেণীত বঁটা প্ৰদান কৰে।

এইবছৰো ২০২২-২০২৩ বৰ্ষৰ বাবে ৰাজ্যখনৰ শীৰ্ষ অসামৰিক সন্মান প্ৰাপ্তকৰ্তাসকলক অসম চৰকাৰে প্ৰদান কৰিব বটা।

আজি বিয়লি ৪ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বঁটা।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনে প্ৰদান কৰা অসামৰিক বঁটাসমূহৰ হিতাধিকাৰীসকলৰ কথা প্ৰকাশ কৰে।

ডাঃ তপন শইকীয়াক প্ৰদান কৰা হ’ব অসম বৈভৱ বঁটা। উত্তৰ–পূবত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিৰ চেষ্টা চলাই আহিছে শইকীয়াই।

অসম সৌৰভ বঁটা প্ৰদান কৰা হব কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, ডাঃ শশীধৰ ফুকন, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়াক।

আনহাতে, শ্মশান বন্ধু ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শীলা গোৱালা, ডাঃ যোগেশ দেউৰী, পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড০ ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply