অসম বিধান সভাত কাইলৈ দাখিল কৰা হব ২০২৩-২৪ বৰ্ষৰ বাজেট।

অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰিছে যে, অহা ১৬ মাৰ্চত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হব।

লগতে তেওঁ জানিবলৈ দিয়ে যে, বাজেটত ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশসমুহ সামৰি লোৱা হৈছে আৰু ইয়াত মহিলাসকলৰ বাবে ভাল খবৰ খুব কম দেখা পোৱা যাব।

বিগত বছৰৰ বাজেট সন্দৰ্ভত ভাষণ দি তেওঁ কয় যে, “যোৱা বছৰৰ প্ৰচেষ্ঠা আছিল ৯ মাহৰ বাজেটত দিয়া প্ৰতিশ্ৰতি পূৰণৰ। এই ক্ষেত্ৰত আমি ষথেষ্ঠ সফল হৈছো”।

আনহাতে, চলি থকা বাজেট অধিবেশনত শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ মূৰব্বী অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্ন উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষনা কৰে যে, চৰকাৰে ১০ মে’ৰ পৰা ২০ মে’ৰ ভিতৰত ৪০ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply