নিউজ ডেস্ক: পুত্ৰ তথা কেপ্তেইন জিণ্টু গগৈক সুঁৱৰি দীঘলীপুখুৰী পাৰত আৱেগিক হৈ পৰিল পিতৃ-মাতৃ, ‘আমি এজন ল’ৰা হেৰুৱাইছো কিন্তু এতিয়া হাজাৰ হাজাৰ ল’ৰা পাইছোঁ’৷ মন্তব্য কৰিলে মাতৃ দুলুপ্ৰভা গগৈয়ে |
পুত্ৰৰ ফটো সংগ্ৰহালয়ত দেখি আবেগিক হৈ পৰিল পিতৃ মাতৃ।আজি কাৰ্গিল বিজয় দিৱসত দীঘলী পুখুৰীৰ পাৰৰ যুদ্ধ স্মাৰকত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বীৰ যোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ পিতৃ মাতৃয়ে। আবেগিক যদিও খুব বেছি মানসিক ভাৱে শক্তিশালী কেপ্তেইন জিন্টু গগৈৰ পিতৃ ঠগিৰাম গগৈ আৰু মাতৃ দুলু প্ৰভা গগৈ।
আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত জয়ী হৈছিল ভাৰত।
নতুন দিল্লীত কেন্দ্ৰীয় ভাৱে পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস। ইপিনে দেশৰ বিভিন্ন স্থানৰ লগতে দীঘলীপুখুৰী পাৰৰ ৱাৰ মেমৰিয়েলত কাৰ্গিল দিৱস পালন কৰা হৈছে। এই অনুষ্ঠানত বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আজি দিনটো ভাৰতীয় সেনাৰ বাবে সাহস আৰু গৌৰৱৰ প্ৰতীক। আজিৰ দিনটোতে ভাৰতীয় সেনাই কাৰ্গিলত পাকিস্তানক পৰাজিত কৰিছিল। মই আজিৰ দিনটোত শ্বহীদ স্মাৰকত আহি নিজকে সৌভাগ্য অনুভৱ কৰিছো। কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া জিণ্টু গগৈৰ পিতৃ-মাতৃকো লগ পোৱাৰ সৌভাগ্য হ’ল। মই পুনৰবাৰ কাৰ্গিল যুদ্ধত প্ৰাণ আহূতি দিয়া দেশৰ সকলো জোৱানসকলক অসমবাসীৰ হৈ শ্ৰদ্ধা জনাইছো।”
এই যুদ্ধত ভাৰতীয় সেনাৰ প্ৰায় ৪৯০ জন বিষয়া, সৈনিক আৰু জোৱানক হেৰুৱাব লগা হৈছিল। যুদ্ধত ভাৰতৰ জয়ক স্মৰণ কৰাৰ বাবে, কাৰ্গিল বিজয় দিৱস হিচাপে প্ৰতি বছৰে ২৬ জুলাইৰ দিনটো উদযাপন কৰা হয়।
২২ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই অসমৰ সু-সন্তান গোলাঘাটৰ খুমটাইৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখত থকা শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।
জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা বিজয় দিৱসৰ কাৰ্যসূচী অনুসৰি সমাধিত বন্তি প্ৰজ্বলন কৰে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ উমেশ চন্দ্ৰ হাৰব’লা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট গাৰ্লছ এন চি চিৰ কামাণ্ডেন্ট এচ এচ শিৱাটচ । উল্লেখযোগ্য যে ১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল ।
লগতে পঢ়ক কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ বি এছ য়েডিয়ুৰাপ্পাৰ