বাক্সা জিলাৰ তামুলপুৰত আজিৰে পৰা অনুষ্টিত হৈছে চতুৰ্থ এছিয়ান খো-খো প্ৰতিযোগিতা।

অসম খো-খো সন্থাৰ উদ্যোগত আৰু বি টি আৰ প্ৰশাসনৰ সহযোগত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখন উদ্বোধন কৰিব বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োৱে।

আনহাতে আজি ভূটান আৰু ইণ্ডোনেছিয়াৰ খেলেৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰা হ‘ব।

এই অনুস্হানটোত আয়োজক দেশ ভাৰতৰ লগতে মুঠ ৯ খন দেশে অংশগ্ৰহন কৰিব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশসমূহ হৈছে ভূটান, বাংলাদেশ, ইণ্ডোনেছিয়া, ইৰান, মালেছিয়া, নেপাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকা।

প্ৰতিযোগিতাত পুৰুষ মহিলা উভয়ে মিলি মুঠ ১৬ টা দলে ভাগ ল’ব। আনহাতে, উক্ত প্ৰতিযোগিতাখন  অহা ২৩ মাৰ্চত অন্ত পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply